আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতাৰ ইডেন গার্ডেনছত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অভাৰ ৩টা বলত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। দেলহী কেপিটেলছৰ হৈ কুলদীপ যাদৱে ২৬টা বলত ৩৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। ঋষভ পণ্টে ২০টা বলত ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিল ছল্টে ৩৩টা বলত ৬৮ ৰান কৰে। শ্রেয়াছ আয়াৰে ২৩টা বলত ৩৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। আজি লক্ষ্ণৌৰ একানা স্পৰ্টছ চিটী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ’ব।
Disclaimer: This press release is sourced from News On AIR, Prasar Bharti and Press Information Bureau India (PIB).